Sign Up

Ready to quench your curiosity ? Register now and become part of VISION ACE knowledge revolution!"

Sign In

Join the Knowledge Community---- VISION ACE

Forgot Password

Lost your password? Please enter your email address. You will receive a link and will create a new password via email.

Sorry, you do not have a permission to ask a question, You must login to ask question.

Please briefly explain why you feel this question should be reported.

Please briefly explain why you feel this answer should be reported.

Please briefly explain why you feel this user should be reported.

About Assam History In Assamese Language

Rate this post

জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে। অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ’ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।

আকৰ্ষণীয় আৰু বৰ্ণনামূলক প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত অসম হৈছে ভাৰতৰ পূৰ্বত্তম প্ৰহৰী। শাৰী শাৰী কৈ ঠিয় হৈ থকা পাহাৰ, ধীৰ গতিত বৈ থকা অসমৰ নদী, মুখ্যতঃ বৰাক আৰু বক্ষপুত্ৰ তথা সতেজ শ্যামলিমা আৱৰণেৰে শোভনীয় হৈ থকা ৰাজ্যখনেই হৈছে অসম। অনাদিকালৰ পৰা ইয়াত বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোক বাস কৰি আহিছে । সকলোৰে সংশ্লেষণ গতিবিদ্যা আৰু আত্মীয়কৰণে অসমৰ প্ৰতিটো স্তৰ অধিক মহিমণ্ডিত আৰু চহকী কৰি তুলিছে। 

অসম নামৰ উৎপতি বিষয়ত বিভিন্ন ধৰণৰ মতামত পৰিলক্ষিত হয়। প্ৰাচীন সংস্কৃত সাহিত্যত ‘প্ৰাগজ্যোতিষ’ আৰু ‘কামৰূপ’ দুইটায়ে প্ৰাচীন অসমৰ নাম আছিল। দুখন কৈ মহাকাব্য ক্ৰমে ‘ৰামায়ন’ আৰু ‘মহাভাৰতৰ’ লগতে ‘পুৰাণ’তো এই নামৰ কথা উল্লেখ আছে। ‘প্ৰাগজ্যোতিষ’ বা ‘প্ৰাগজ্যোতিষপুৰ’ এই নাম সন্দৰ্ভত গেট্যেৰ(১৯৯২, পুনঃমূদ্ৰিত)লিখনি মতে প্ৰাগ শব্দৰ অৰ্থ ‘প্ৰাচীন’ বা ‘প্ৰাচ্য’ আৰু জ্যোতিষ মানে হৈছে ‘নক্ষত্ৰ বা জ্যোতি’, জ্যোতিশ বিদ্যা, জিলিকি থকা। সেইফালৰ পৰা প্ৰাগজ্যোতিষপুৰক ‘পূৰ্বোত্তম জ্যোতিষ নগৰী’ হিচাপে বিবেচিত কৰিব পৰা যায়।   

কামৰূপৰ নাম বিভিন্ন লিপিৰ লগতে সাহিত্যতো উল্লেখিত হৈ আছে। পৌৰাণিক কাহিনী সমূহৰ মতে কামৰূপ নামৰ উৎপত্তিয়ে আমাক সতীৰ কাহিনীৰ বিষয়ে আভাষ দিয়ে। কাহীনি অনুসৰি, দক্ষ ৰজাৰ জীয়ৰী সতীয়ে, তেওঁৰ স্বামী শিৱক, পিতৃয়ে কৰা অপমানৰ বাবে নিজেই নিজক দাহ কৰিছিল। পত্নীৰ মৃত্যুৰ দুখত ভাগি পৰি শিৱই সতীক গোটেই বিশ্ব-ব্ৰহ্মাণ্ড কান্ধত উঠাই ঘূৰি ফুৰিছিল। তাৰপিছত ভগৱান বিষ্ণুই নিজৰ সুদৰ্শন চক্ৰ ব্যবহাৰ কৰি শৰীৰটো খণ্ড-খণ্ড কৰি পোলালে আৰু সতীৰ দেহৰ চিন্ন-বিচিন্ন অংগবোৰ দেশৰ বিভিন্ন ঠাইত পৰিল। অসমৰ গুৱাহাটীৰ নিলাচল পৰ্বতত সতীৰ যোনিভাগ পৰিল আৰু কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠিা হ’ল। এসময়ত মৃতদেহটো নাইকিয়া হ’ল আৰু মহাদেৱ গভীৰ ধ্যানত মগ্ন হ’ল। বহু দিন পাৰ হৈ গ’ল। দেৱকুলত হাহাকাৰ লাগিল। মহাদেৱ সংহাৰৰ গৰাকী। তেওঁৰ অবিহনে পৃথিৱীত কোনো মানুহৰ মৃত্যু নোহোৱা হ’ল। দেৱতাসকলে প্ৰেমৰ দেৱতা কামদেৱক পৃথিৱীলৈ পঠিয়ালে মহাদেৱৰ ধ্যান ভঙ্গ কৰিবলৈ। কামদেৱ আহিল আৰু তেওঁৰ দেহলৈ মদনৰ পঞ্চশৰ মাৰি পঠিয়ালে। মহাদেৱৰ ধ্যান ভঙ্গ হ’ল। প্ৰচণ্ড খঙত তেওঁ তৃতীয় নয়নেৰে অগ্নি বৰষি কামদেৱক ঠিতাতে ভষ্ম কৰি পেলালে। এইবাৰ কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ মহাদেৱক কাতৰ প্ৰাৰ্থনা জনালে। লাহে লাহে মহাদেৱৰ ক্ৰোধবহ্নি নিৰ্বাপিত হ’ল আৰু কামদেৱক পুনৰ জীৱন দান দিলে। যি ভূমিত কামদেৱে পুনৰ্জীৱন বা পুনৰ ৰূপ ঘূৰাই পাইছিল, সেই ভূমি পাছলৈ কামৰূপ নামেৰে জনাজাত হৈছিল। 

১২২৮ খ্ৰীষ্টাব্দত আহোম সকলে অসমৰ নাম ‘অচম’ বা ‘আসম’ ৰাখিলে। সন্দেহপূৰ্ণ হ’লেও অসম নামৰ উৎপত্তি ইয়াৰ পৰাই হোৱা বুলি অনুমান কৰা হয়। 

আহোম সকলে অসমত ৬০০ বছৰ কাল ৰাজত্ব কৰিলে।অসম বুৰঞ্জীত আহোম ৰাজত্বৰ সময় চোৱা এক মহিমণ্ডিত অধ্যায়। চুকাফা নামেৰে মং মৌৰ এজন চান কোঁৱৰে পাটকাই পাৰ হৈ আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ১৩ৰ পৰা ১৯ শতিকাৰ সময়চোৱাত বহুতো উপজাতীয় সম্প্ৰদায় অসমলৈ আহিল। কছাৰী,চুতীয়া আৰু কোঁচ সকল হৈছে মধ্যযুগীয়া অসমৰ বিশিষ্ট সম্প্ৰদায়। বাৰ্মী আক্ৰমণৰ লগে লগে আহোম ৰাজত্বৰ সমাপ্তি ঘটিছিল। ইয়াৰ লগতে পৰবৰ্তী সংযোজন হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ১৮২৬ৰ ইযাণ্ডাবু সন্ধি। ব্ৰিটিছ সম্ৰাট সকলে দায়িত্বভাৰ গ্ৰহণ কৰি অসমত ঔপনিবেশিক শাসন আৰম্ভ কৰিলে।

নতুন ৰাজ্য হোৱাৰ পৰা অসমে নিজৰ বহুকেইটা এলেকা হেৰুৱালে। ব্ৰিটিছে ১৮৩২ত কাছাৰক আৰু ১৮৩৫ত জয়ন্তীয়া পাহাৰক সংযুক্ত কৰিলে। ১৮৭৪ত অসম এখন পৃঠক প্ৰদেশ হ’ল আৰু শ্বিলং ইয়াৰ ৰাজধানী। ভাৰত বিভাজনৰ সময়ত চিলহেতক পূৰ্ববঙ্গৰ লগত সংযুক্ত কৰিলে। ১৯৪৭চনৰ ভাৰত স্বাধীনৰ সময়ত চিলহেত জিলা খনক পাকিস্তানৰ আগত সমৰ্পিত কৰিলে(যাৰ পূৰ্ব অংশ পিছলৈ বাংলাদেশ হল)। 

ভাৰতৰ অন্য ৰাজ্য সমূহৰ দৰে অসমো বিভিন্ন স্বাধীনতা আন্দোলনত জৰিত। বিভিন্ন উদ্যমী অংশগ্ৰহনৰ বাবে ১৯৫০ চনত অসম ভাৰতৰ এখন প্ৰয়োজনীয় ৰাষ্ট্ৰ হিচাপে পৰিগনিত হয়। কিন্তু ১৯৫১ চনত উত্তৰ কামৰূপৰ দেৱনাগিৰি ভোটানৰ লগত সংযুক্ত কৰিলে। ১৯৭২ চনত অসমৰ ৰাজধানী শ্বিলংৰ পৰা দিছপুৰলৈ পৰ্যবসিত হ’ল। মেঘালয়, নগালেণ্ড, অৰুনাচল প্ৰদেশ আৰু মিজোৰামো ৰাজ্য হিচাপে পৰিগণিত হ’ল। 

অসম বুৰঞ্জীয়ে বৰ্তমানৰ পৰ্যায় পাবলৈ উন্নয়নৰ বিভিন্ন স্তৰ পাৰ কৰিব লগা হ’ল। অসম বুৰঞ্জীক চাৰিটা যুগত ভাগ কৰিব পাৰি। চৰ্তুথ শতাব্দীত, এলাহবাদ স্তম্ভত সমুদ্ৰগুপ্তৰ শিলালিপিত উল্লেখ থকা কামৰুপ ৰাজ্য স্থাপনৰ লগে লগে আৰম্ভ হয় প্ৰাচীন যুগ। ১২০৬ত বাখতিয়াৰ খিল্জীৰ লগত প্ৰথম যুদ্ধ হোৱা বঙ্গীয় চুলতানৰ আক্ৰমনৰ সময়ত আৰম্ভ হৈছিল মধ্য যুগ। ইয়াৰ উল্লেখ আছে কানাই বৰশীবোৱা শিলালিপিত। ১৮২৬ চনৰ ইযাণ্ডাবু সন্ধিৰ পাছৰ পৰা ১৯৪৭ চনৰ ভাৰত স্বাধীন হোৱালৈকে ঔপনিবেশিক যুগ আৰম্ভ হৈছিল।
স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল মহম্মদ চালেহ অকবৰ হয়দৰী আৰু মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। গুৱাহাটী বিশ্ববিদ্যালয়(১৯২৮),গুৱাহাটী উচ্চ ন্যায়লয়(১৯৪৮)আৰু গুৱাহাটী অনাঁতাৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ তেওঁলোক আছিল মুখ্য সাক্ষী। গোপীনাথ বৰদলৈৰ মৃত্য হৈছিল ১৯৫০ চনত। তেওঁৰ পিছত বিষ্ণু ৰাম মেধিয়ে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৫০ চনৰ পৰা ১৯৫৭চনলৈ তেওঁৰ কাৰ্য্যকালৰ সময়চোৱাত পোনপ্ৰথমবাৰৰ বাবে পঞ্চ বাৰ্ষিক পৰিকল্পনা আৰম্ভ হোৱাৰ উপৰিও প্ৰশানৰ পঞ্চায়ত ব্যবস্থা প্ৰবৰ্তিত কৰিছিল লগতে কৃষি ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল।

১৯৫৭ৰ পৰা ১৯৭০ৰ লৈকে কাৰ্যভাৰ গ্ৰহণ কৰা বিমলা প্ৰসাদ চলিহা আছিল স্বাধীন অসমৰ তৃতীয়জন মুখ্যমন্ত্ৰী। ১৯৫৮ত কংগ্ৰেছৰ ৬৬ সংখ্যক অধিবেশন হৈছিল গুৱাহাটীৰ জালুকবাৰীত। ১৯৬৫ চনত শৰাইঘাট দলং নিৰ্মাণ হৈছিল আৰু ১৯৬২ চনত গুৱাহাটীৰ নুনমাটিত এটি তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। ১৯৫৯ ৰ পৰা ১৯৬০ চনলৈকে অসমত ভাষা আন্দোলন হৈছিল যাৰ ফলত অসমীয়া ভাষাই অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে। একেদৰে বৰাক উপত্যকাৰ তিনিখন জিলাত বাংলা ভাষাই অনুৰূপ স্থান পায়।

১৯৭০ চনত মহেন্দ্ৰ মোহন চৌধৰী মুখ্যমন্ত্ৰী হয়। তেওৰ কাৰ্যকালত বঙাইগাঁও পেট্ৰোকেমিকেলচ, জোগিঘোপা পেপাৰ মিল আৰু নগাঁওৰ শিলঘাটত পাট কাৰখানা স্থাপন হয়। ১৯৭২ চনত চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী হয়। ১৯৭৪ চনত অসমৰ ৰাজধানী সম্পৰ্ণ ৰুপে গুৱাহাটীৰ দিছপুৰলৈ ৰূপান্তৰিত হয়। 

অসম আন্দোলন হৈছে অসমত বিদেশী মুক্ত কৰিবৰ বাবে হাতত লোৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অসম গন পৰিষদ আৰু ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা এই আন্দোলন অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত বিদেশী মুক্ত কৰিবলৈ আৰম্ভ হৈছিল। এই আন্দোলন অহিংস ভাবে হৈছিল কিন্তু নেলী গণহত্যাই চৰম হিংসতাৰ সৃষ্টি কৰিছিল। এই আন্দোলনৰ সমাপ্তি ঘটিছিল ১৮৮৫ৰ অসম চুক্তিৰ লগত। এই চুক্তিত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল।  

অসম চুক্তি(১৯৮৫) হৈছে মীমাংসাৰ স্মাৰকলিপি যাৰ স্বাক্ষৰিত হৈছিল ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতা সকলৰ মাজত নতুন দিল্লীত ১৯৮৫ৰ ১৫ আগষ্টত। ১৯৭৯ চনত আছুৰ দ্বাৰা বিদেশী চিনাক্তকৰণৰ দাবীত ছয় বছৰীয়া এক আন্দোলন হৈছিল। অসম চুক্তিত স্বাক্ষৰৰ লগে লগে এই আন্দোলনৰ সমাপ্তি ঘটে।

বৰ্তমান অসমৰ এলেকা হৈছে ৭৮,৪৩৮বৰ্গ কিলোমিটাৰ। ইয়াত আছে ৩৩খন জিলা আৰু সমগ্ৰ উত্তৰ পূৰ্ব ভাৰতৰ জনবহুল ৰাষ্ট্ৰ হিচাপে গণ্য হোৱা অসমৰ বৰ্ত্তমান জিলাৰ সংখ্যা হৈছে ৩৩ খন।

Related Posts

You must login to add a comment.